Show/Hide Keyboard Layout

এটা কথা কোৱানা

- জুবিন/হৰ্ষিতা

এটা কথা কোৱানা

চুই মোক চোৱানা

মই তোমাৰেনো হয় নে নহয় ।

 

পাপু বুলি মাতানা

মাতি নিজক সোধানা

তুমি মোৰেই মুনুজনী হয় নে নহয়

বুকুৰে আমঠু, তুমিয়েই সকলো

নিজকে দেখোঁ তোমাৰে মাজত ।

 

এপাহি সপোনৰ তুমিয়েই আলহী

ৰ’দালী দিঠকৰ তুমিয়েই তুলসী

অ’ তৰালি আকাশৰ তুমিয়েই পুৱতি

শেৱালি মৰমৰ তুমিয়েই ধৰণী

ফুটুকী পখিলী শোণিতৰ শেৱালি

তোমাতে আঁকোঁ হৃদয়ৰ সাগৰ ।

 

প্ৰতিটো সময়ত তুমিয়েই চিনাকী

দুভৰি দুহাতত তুমিয়েই সঁহাৰি

সুখৰো দুখৰো তুমিয়েই লগৰী

সুবাসী দুচকুৰ তুমিয়ে তৰালি

ফুটুকী হৰিণী তুমিয়ে ধেমালি

তোমাতে পালোঁ আকাশৰ সাঁথৰ ।।

Hits: 3975